Show/Hide Keyboard Layout

উলাহে আনো আগবাঢ়ি

- বিষ্ণুপ্ৰসাদ ৰাভা

উলাহে আনো আগবাঢ়ি

হালি জালি নাচি বাগি

আদৰি তোলোঁ অমিয়া মাত

তোৰ পৰশে মেলোঁ পাহি

ফুল পাৰিজাত ।

 

হাঁহিৰ বোলে আমোল মোলে

সুৰভি বোলে

বুলাই ধুনীয়া সৰগৰ

সোণামুৱা গাত ।।

Hits: 1695